79
মুকালমুৱাঃ মুকালমুৱাৰ কঁচুৱা পথাৰত এগৰাকী গৰ্ভৱতী বোৱাৰীয়ে স্বামী গৃহত চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পোৱা মতে কঁচুৱা পথাৰ গাঁৱৰ মিণ্টু মেধিয়ে (২৫) চাৰি বছৰ পূৰ্বে চামতা গাঁৱৰ ৰিজু মেধিৰ (২৪) সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু আজি পুৱতি নিশা ৰিজুৰ মৃতদেহ স্বামী গৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।