
টিংখাংঃ এশ গৰু মাৰিলে বাঘৰো মৰণ ! বিভিন্ন স্থানত প্ৰৱঞ্চনাৰ জাল পেলাই অহা এজন যুৱক আজি ডিব্ৰুগড় জিলাৰ টিংখাঙত জালত পৰে। টিংখাং ৰাজগড়ত টিংখাঙৰ বিভিন্ন ঠাইত প্ৰৱঞ্চনাৰ জাল পেলোৱা টিংখাং শিহোমৰা গাঁৱৰ ৰিচপ বৰা নামৰ যুৱকজনে নিজকে আৰোহণ নাম এটা গোটৰ সদস্য বুলি পৰিচয় দি স্থানীয় মহিলাসকলক এক গোট কৰি ২০~৩০ সদস্যাৰে গোটৰ সৃষ্টি কৰে।
সেই গোটসমূহৰ পৰা আগতীয়াকৈ তেওঁ দুহাজাৰ টকাকৈ সংগ্ৰহ কৰে। পাছত প্ৰতিগৰাকী সদস্যাকে পৰিচয় পএ প্ৰদান কৰে আৰু তেওঁলোকে আৰোহণ গোটৰ পৰা ১০পৰা ৫০হাজাৰ টকালৈ ঋণ ল’ব পাৰিব বুলি আশ্বাস দিয়ে। এনেদৰে তেওঁ টিংখাঙৰ ৰাজগড় বিভিন্ন অঞ্চলত ৩৭টাকৈ অধিক গোট খুলি একোটা গোটৰ পৰা দুহাজাৰ টকাকৈ সংগ্ৰহ কৰে।
পিছত সেই টকাৰে নিজে এখন মটৰ চাইকেল ক্ৰয় কৰে। এই কথা মহিলাসকলে জানিব পাৰি প্ৰৱঞ্চকজনক আৰু এটা গোট গঠন হৈছে বুলি মাতি পঠিয়ায়। পিছত প্ৰৱঞ্চকজন ৰাজগড়ত উপস্থিত হয় কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ থিক তেনেকৈ প্ৰৱঞ্চকজনক ধৰি মহিলাসকলে চ'ৰ-ভুকু সোধাই পিছত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্হাৰ কাৰ্যালয়লৈ নিয়ে।
তাত আছুৰ সদস্যসকলে সোধ-পোছ কৰাত প্ৰৱঞ্চকজনে প্ৰৱঞ্চনাৰ সকলো কথা স্বীকাৰ কৰে। পিছত ৰাজগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত প্ৰৱঞ্চকজনক আৰক্ষীক গতাই দিয়ে মহিলাসকলে।