টিংখাংঃ এশ গৰু মাৰিলে বাঘৰো মৰণ ! বিভিন্ন স্থানত প্ৰৱঞ্চনাৰ জাল পেলাই অহা এজন যুৱক আজি ডিব্ৰুগড় জিলাৰ টিংখাঙত জালত পৰে। টিংখাং ৰাজগড়ত টিংখাঙৰ বিভিন্ন ঠাইত প্ৰৱঞ্চনাৰ জাল পেলোৱা টিংখাং শিহোমৰা গাঁৱৰ ৰিচপ বৰা নামৰ যুৱকজনে নিজকে আৰোহণ নাম এটা গোটৰ সদস্য বুলি পৰিচয় দি স্থানীয় মহিলাসকলক এক গোট কৰি ২০~৩০ সদস্যাৰে গোটৰ সৃষ্টি কৰে।
সেই গোটসমূহৰ পৰা আগতীয়াকৈ তেওঁ দুহাজাৰ টকাকৈ সংগ্ৰহ কৰে। পাছত প্ৰতিগৰাকী সদস্যাকে পৰিচয় পএ প্ৰদান কৰে আৰু তেওঁলোকে আৰোহণ গোটৰ পৰা ১০পৰা ৫০হাজাৰ টকালৈ ঋণ ল’ব পাৰিব বুলি আশ্বাস দিয়ে। এনেদৰে তেওঁ টিংখাঙৰ ৰাজগড় বিভিন্ন অঞ্চলত ৩৭টাকৈ অধিক গোট খুলি একোটা গোটৰ পৰা দুহাজাৰ টকাকৈ সংগ্ৰহ কৰে।