দিচাংমুখঃ দৰিদ্ৰ, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে আজিও এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ প্ৰতিদিনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মুল্য বৃদ্ধি হোৱাত বহু দৰিদ্ৰ পৰিয়ালে এসাজ খাই এসাজ ভাতৰ বাবে সংগ্ৰাম কৰিব লগাত পৰিছে৷ ৰাজ্যত একাংশ লোকে মুল্যবৃদ্ধিৰ ফলত কোঙা হোৱাৰ বিপৰীতে একাংশ লোক লাভৱান হৈছে৷ পুষ্টিকাৰক বা পুষ্টি দ্ৰব্য খাব নোপোৱাৰ ফলত দিনে দিনে একাংশ মহিলা-শিশু পুষ্টিহীনতাৰ স্বীকাৰ হৈছে৷
জীৱন ধাৰণ আৰু বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় খাদ্যৰ অভাৱত পৰিছে বহুলোক৷ তাৰ মাজতে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ এগৰাকী মহিলা পুষ্টিহীনতাত ভোগা বুলি অভিযোগ উত্থাপন হৈছে৷ সুষম খাদ্য তথা চিকিৎসাৰ অভাৱত পুষ্টিহীনতাত পৰা বুলি জানিব পৰা গৈছে মহিলাগৰাকী৷ শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৩০ বছৰীয়া পিংকি বেগম নামৰ মহিলাগৰাকী৷