দিচাংমুখঃ দৰিদ্ৰ, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে আজিও এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ প্ৰতিদিনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মুল্য বৃদ্ধি হোৱাত বহু দৰিদ্ৰ পৰিয়ালে এসাজ খাই এসাজ ভাতৰ বাবে সংগ্ৰাম কৰিব লগাত পৰিছে৷ ৰাজ্যত একাংশ লোকে মুল্যবৃদ্ধিৰ ফলত কোঙা হোৱাৰ বিপৰীতে একাংশ লোক লাভৱান হৈছে৷ পুষ্টিকাৰক বা পুষ্টি দ্ৰব্য খাব নোপোৱাৰ ফলত দিনে দিনে একাংশ মহিলা-শিশু পুষ্টিহীনতাৰ স্বীকাৰ হৈছে৷

জীৱন ধাৰণ আৰু বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় খাদ্যৰ অভাৱত পৰিছে বহুলোক৷ তাৰ মাজতে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ এগৰাকী মহিলা পুষ্টিহীনতাত ভোগা বুলি অভিযোগ উত্থাপন হৈছে৷ সুষম খাদ্য তথা চিকিৎসাৰ অভাৱত পুষ্টিহীনতাত পৰা বুলি জানিব পৰা গৈছে মহিলাগৰাকী৷ শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৩০ বছৰীয়া পিংকি বেগম নামৰ মহিলাগৰাকী৷

এগৰাকী লোকে শিৱসাগৰৰ আমগুৰিৰ পৰা আনি মহিলাগৰাকীক শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ কেবাটাও ৰোগত আক্ৰান্ত হৈ সময়মতে খোৱা-লোৱা কৰিব নোপোৱাত একপ্ৰকাৰ মৃত্যুৰ সৈতে যুজ দিছে মহিলাগৰাকীয়ে৷ ৮ বছৰীয়া পুত্ৰ সন্তান সহ মহিলাগৰাকী চিকিৎসালয়ৰ এখন বিছনাত হা-হূমনিয়া কাঢ়ি দিন পাৰ কৰিছে৷ শিৱসাগৰৰ চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ বাবে পৰামৰ্শ দিয়ে যদিও অৰ্থৰ অভাৱত ডিব্ৰুগড়লৈ যাবলৈ সক্ষম হোৱা নাই মহিলাগৰাকীয়ে৷ আনৰ ঘৰে ঘৰে খুজি-মাগি জীৱন নিৰ্বাহ কৰা পিংকিক চোৱা চিতা কৰিব লগা হৈছে ৮ বছৰীয়া সন্তানে৷