newsnextone.com | মোৰাঝাৰঃ এটাৰ পাছত এটা নাৰকীয় কাণ্ড সংঘটিত হ’ব ধৰিছে ৰাজ্যত৷ যোৱা কেইবাটাও দিন ধৰি সংঘটিত হোৱা অমানৱীয় কাণ্ডই কাজ্য কঁপাই যোৱাৰ পিছতে পুনৰ এটি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাৰ মোৰাঝাৰত৷ এগৰাকী প্ৰেমিকৰ পৰিয়ালে বৰ্বৰ ভাৱে প্ৰহাৰ কৰাই নহয় পঘাৰে বান্ধি প্ৰায় আধা কিঃ মিঃ পথ চোচোৰাই নি হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হয়৷
হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ এলেকাৰ সুতাৰপুৰ গাঁৱত এগৰাকী নিৰীহ মহিলাক পঘাৰে বান্ধি এদল পুৰুষ-মহিলাই নিৰ্মমভাবে প্ৰহাৰ কৰাৰ এটি ভিডিঅ’ পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷