লক্ষ্ণৌঃ চলন্ত ৰেলতে বলপূৰ্বক এচিড পান কৰালে মহিলাক৷ এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে লক্ষ্মৌত৷ বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত গংগা-গোমতী এক্সপ্ৰেছত উদ্ধাৰ হয় মহিলাগৰাকী৷ ৰেলৱে আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীয়ে ৰায়বৰেলীৰ পৰা যাত্ৰা কৰিছিল৷
ৰেলতে দুজন অচিনাক্ত ব্যাক্তিয়ে তেওঁক বলপূৰ্বকভাৱে এচিড পান কৰোৱায় আৰু পলায়ন কৰে৷ মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ উত্তৰ প্ৰদেশৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে চিকিৎসালয়ত মহিলাগৰাকীক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়৷