বৰনৰ্দ্দীঃ নাৰী দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাতো যোৱা শুকুৰবাৰে সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত নলবাৰী মহিলা সমিতিৰ সভা গৃহত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন কৰা হয়।
নলবাৰী মহিলা সমিতিৰ সভাপতি পুন্যময়ী বৰকাকটিৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে জিলা সমাজ কল্যাণ বিষয়া পদ্মেশ্বৰী শইকীয়াই। আগন্তুক লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত মহিলাৰ ৰাজনৈতিক স্বাধীনতাক গুৰুত্ব আৰোপ কৰি সভাখন মহিলা ভোটাৰ সজাগতাকৰণ বিষয়ক আলোচনাৰে আৰম্ভ হয়।