newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দ্বাৰকুছিৰ সমীপৰ নিজ ডেফেলি উপস্বাস্থ্য কেন্দ্ৰটো সম্প্ৰতি গোহালিলৈ পৰ্যবসিত হৈছে। উল্লেখযোগ্য যে,  বিগত ২০১৪-১৫ বিত্তীয় বৰ্ষত ১২.৫৬ লাখ টকা ব্যয় সাপেক্ষে নিজ ডেফেলি উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা অভিযানৰ অনুদানেৰে। 

কিন্তু নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ল যদিও স্বাস্থ্য কেন্দ্ৰটো মুকলি কিন্তু নহ’ল আজিলৈ। যাৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত অঞ্চলটোৰ ৰাইজে সামান্য জ্বৰ, কাঁহ হ’লেও চিকিৎসাৰ বাবে তামুলপুৰ, ৰঙিয়া, কাউৰবাহা আদি ঠাইলৈ যাব লগা হয়। 

উপস্বাস্থ্য কেন্দ্ৰটো মুকলি হ’লে গোপালপুৰৰ পাৰ্শ্বৱৰ্তী লাচি, কেকেৰিকুছি, কুমতিবাৰী, ডেফেলি ,ঝাৰগাঁও, খৈৰাবাৰী, খাংখলাবাৰী, উত্তৰ গলবেৰা, টাঙোনমাৰা, পশ্চিম বৰলীয়াপাৰ আদিকে ধৰি কেইবাখনো গাঁও উপকৃত হ'লহেঁতেন বুলি ৰাইজে মন্তব্য কৰিছে। 

সম্প্ৰতি উপ স্বাস্থ্য কেন্দ্ৰটোৰ চাৰিওফালে হাবি বননিয়ে আঁবৰি ধৰাত স্বাস্থ্য কেন্দ্ৰটো গোহালি ঘৰলৈ পৰ্যবসিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ নানা সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলবাসীয়ে অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তোলাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।