newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দ্বাৰকুছিৰ সমীপৰ নিজ ডেফেলি উপস্বাস্থ্য কেন্দ্ৰটো সম্প্ৰতি গোহালিলৈ পৰ্যবসিত হৈছে। উল্লেখযোগ্য যে, বিগত ২০১৪-১৫ বিত্তীয় বৰ্ষত ১২.৫৬ লাখ টকা ব্যয় সাপেক্ষে নিজ ডেফেলি উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা অভিযানৰ অনুদানেৰে।
কিন্তু নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ল যদিও স্বাস্থ্য কেন্দ্ৰটো মুকলি কিন্তু নহ’ল আজিলৈ। যাৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত অঞ্চলটোৰ ৰাইজে সামান্য জ্বৰ, কাঁহ হ’লেও চিকিৎসাৰ বাবে তামুলপুৰ, ৰঙিয়া, কাউৰবাহা আদি ঠাইলৈ যাব লগা হয়।