Home ৰাজ্যকাউৰবাহাত ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হ’কক স্মৰণ

কাউৰবাহাত ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হ’কক স্মৰণ

by News Desk
69 views
A+A-
Reset

ৰঙিয়াঃ ১৯৭২ চনত অসমীয়া ভাষাক চৰকাৰী ভাষাৰুপে স্বীকৃত দিবলৈ হোৱা ভাষা আন্দোলত স্বহীদ হৈছিল মোজাম্মিল হ’ক৷ উজনি-নামণিৰ সকলো লোকে ভাষা আন্দোলনত জপিয়াই পৰিছিল৷ মোজাম্মিল হ’ককে ধৰি বহু লোকৰ আত্ম বলিদানৰ ফলত অসমীয়াৰ আদৰৰ ভাষাক চৰকাৰী ভাষাৰুপে স্বীকৃতপ্ৰাপ্ত হ’লেও বৰ্তমানে ইংৰাজী ভাষাৰ আগ্ৰাসন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হ’কক আজি ৰাজ্যজুৰি স্মৰণ কৰে ৰাজ্যৰ দল-সংগঠনে৷

বাক্সা জিলাৰ কাউৰবাহাতো শ্বহীদ শ্বহীদ মোজাম্মিল হ’কৰ সোঁৱৰণত অনুষ্ঠিত হয় বিশেষ বক্তৃতা অনুষ্ঠান৷ গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ বাক্সা জিলা সমিতিৰ উদ্যোগত কাউৰবাহাৰ ফখৰুদ্দিন আলী আহমেদ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্বহীদ মোজাম্মিল হ’ক সোঁৱৰণী বক্তৃতা অনুষ্ঠান হয়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ ৰাইজ, বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী উপস্থিত থকে। কাউৰবাহা মাদ্ৰাছা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাজাহান চিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ উপদেষ্টা এম হাফিজ আলী, কেন্দ্ৰীয় সম্পাদক ফজলুল কৰিমৰ লগতে বাক্সা জিলাৰ সভাপতি জালালুদ্দিন আহমেদ উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0