নামতিঃ শিৱসাগৰৰ নামতিত সাঁচি খেতিয়ক সংস্থাৰ এখন ৰাষ্ট্রীয় সজাগতা সভা অনুষ্ঠিত হ’ব৷ সদৌ অসম সাঁচি খেতিয়ক সংস্থা (আচগা)ৰ উদ্যোগত নামতি সমীপৰ মিছাজানত দুদিনীয়া কাৰ্যসূচীৰে এখন ৰাষ্ট্রীয় পৰ্যয়ৰ অগৰু নিষ্কাষণ কর্মশালা আৰু সজাগতা সভাৰ আয়োজন কৰিছে।

অহা ৭ আৰু ৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কর্মশালাত শ্রীলংকাৰ সাঁচি বিশেষজ্ঞ আৰু প্রশিক্ষার্থী দ'ল উপস্থিত থাকিব। সবিশেষ জানিবৰ বাবে ৯৪০১০৫৮৯৪২ অথবা ৯৫০৮৫২২৮৭৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।