মঙলদৈঃ সংষ্কাৰ ভাৰতীৰ দৰং জিলা শাখাৰ উদ্যেগত অনুষ্ঠিত হ’ব প্ৰশিক্ষণ শিবিৰ৷ দৰং জিলাৰ জনাৰামচৌকাত দুদিনীয়া কাৰ্যসুচীৰে ভূ-অলংকাৰ নিৰ্মাণৰ প্ৰশিক্ষন শিবিৰ অহা ১৪ আৰু ১৫ অক্টোবৰত অনুষ্ঠিত হ’ব৷

জনাৰামচৌকাৰ দুৰ্গা মণ্ডপ চৌহদত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ শিৱিৰত হিন্দু সমাজৰ বিয়া, উৎসৱ-পাৰ্বনত সৌষ্ঠৱ বঢ়াৱৰ বাৱে ফাকুৱা ৰং আৰু সজীৱ ফুলেৰে হাতৰ পৰশত তৈয়াৰ হোৱা ভূ-অলংকাৰ প্ৰশিক্ষণ প্ৰদান কৰিব সংস্কাৰ ভাৰতীয়ে৷

পোন প্ৰথমবাৰৰ বাৱে আয়োজন কৰা ভূ-অলংকাৰ প্ৰশিক্ষণ শিৱিৰত অংশ লব বিছৰা ইচ্ছুক যুৱক-যুৱতী সকলক ৯৮৫৪৪৭৩৩২৪, ৯৮৫৪৪৫৯৭৯০ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দৰং জিলা সংষ্কাৰ ভাৰতীয়ে।