তুলসীবাৰীঃ বুধবাৰে নিশা চিকিৎসাৰ অভাৱত এপ’লমিলৰ এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত৷ যোৱা ১৭ মাহ ধৰি দৰমহা নোপোৱা ৰঙিয়াৰ তুলসীবাৰীৰ এপ’লমিলৰ শ্ৰমিক ভূৱনেশ্বৰ মহন্তই বুধবাৰে নিশা বিনা চিকিৎসাই মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি শ্ৰমিকগৰাকীয়ে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰিব পৰা নাছিল৷ যোৱা ১৭ নৱেম্বৰত মিলটোৰ মনো কুমাৰ নামৰ এগৰাকী শ্ৰমিকে আত্মহত্যা কৰিছিল৷
তাৰ পিছতেই ভূৱনেশ্বৰ মহন্তই বিনা চিকিৎসাই হৃদয়ত অযুত বেদনা লৈ এই পৃথিৱীৰ পৰা বিদায় মাগিলে৷ কেইটামান মাহৰ ভিতৰত চৰকাৰে দৰমহা আদায় নিদিয়া মিলটোৰ ৫গৰাকী শ্ৰমিকে মৃত্যুক আকোৱালি লৈছে৷ ৰঙিয়াৰ গৌৰৱ ৰূপে অভিহিত তুলসীবাৰীৰ এপ’ল মিলৰ কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ৷ দীৰ্ঘ দিন ধৰি বেতন বঞ্চিত মিলটোৰ শ্ৰমিক-কৰ্মচাৰীসকলে জীয়াই থকাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷