কাজিৰঙাঃ আজি বিশ্ব গঁড় দিৱস। এই গঁড় দিৱসৰ দিনাই কাজিৰঙাৰ এগৰাকী বনকৰ্মীয়ে ক্ষোভ উজাৰিলে বন বিষয়াৰ ওপৰত৷ অসুস্থ বনকৰ্মী গৰাকীৰ স্বাস্থ্য সন্দৰ্ভত বন বিষয়াই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবেই গঁড় সুৰক্ষা কৰ্মী গৰাকীয়ে চাকৰি এৰাৰ হুমকিও দিয়ে৷
তিনিবাৰকৈ প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ পাছতো দুৰ্গম স্থানত এই বনকৰ্মী গৰাকীক চাকৰিত মকৰল কৰি ৰাখিছে বন কৰ্তৃপক্ষই। যোৱা ২২ মাৰ্চতে যোৰহাটলৈ বদলিকৰণৰ নিৰ্দেশ অহাৰ পাছতো কৰা হোৱা নাই বদলি। ফলত, প্ৰাণৰ মমতাত চাকৰি এৰি দিয়াৰ কথা ঘোষণা কৰিছে ঘনকান্ত বৰা নামৰ এই বনকৰ্মী গৰাকীয়ে।