গোৰেশ্বৰঃ বিজেপিয়ে নিৰ্বাচনত ভাল ফলাফল ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। যেনেকৈ ডিমা হাচাও বিজেপিয়ে দখল কৰিছে তেনেকৈ ২০১৯ চনৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দখল কৰিব বিটিচি। বিটিএডিৰ মুঠ ৪০ টা সমষ্টিতে নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিব বিজেপিয়ে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশদাৰী দল বিপিএফৰ ঘাইঘৰত এই হুংকাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।
বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙনাহাটী সত্ৰ ৰাজহুৱা সভাগৃহত বিজেপিৰ কৰ্মকৰ্ত্তা সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ সভাপতিগৰাকীয়ে বিজেপিয়ে জন্মু-কাশ্মীৰত বন্দুকৰ আগত থাকি চৰকাৰ গঠন কৰা বুলি কয়। সকলো বাধা নেওচি ভাৰত নিৰ্মাণৰ স্বাৰ্থত বিজেপিয়ে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে।