কোকৰাঝাৰঃ বিটিচিৰ শাসকীয় দল বিপিএফৰ ভাতৃ সংগঠন বডোলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউৰ দেওবাৰে কোকৰাঝাৰত এখন কৰ্মশালা অনুষ্ঠিত হয়৷ কোকৰাঝাৰ জিলা বডোলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউৰ উদ্যোগত বডোফা সাংস্কৃতিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাত উপস্থিত থাকি বিটিচি প্ৰধাান হাগ্ৰামা মহিলাাৰীয়ে শিক্ষা, সমাজ কল্যাণ আৰু কু সংস্কৃতিৰ ওপৰত বিশেষ কাৰ্যসূচী গ্ৰহন কৰা উচিত বুলি ছাত্ৰ সংগঠনটোক পৰামৰ্শ আগবঢ়াই।
ছাত্ৰ সংগঠনে ছাত্ৰৰ কল্যাণৰ হকে কাম কৰাটোৱেই মুল কথা বুলি কয় হাগ্ৰামা মহিলাৰীৰ। জিলা বিএছইউৰ সভাপতি দেৰহাছাৎ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মশালাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি সন্থাৰ সদস্য সকলক শিক্ষা, সমাজৰ কু-সংস্কৃতিৰ ওপৰত সজাগতামুলক কাৰ্যসূচী লবলৈ উপদেশ দিয়াৰ উপৰিও বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়ৰ বৰ্তি থকা বিভিন্ন সমস্যাসমুহ তেওঁক অৱগত কৰিবলৈ আহ্বান জনায়।