বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী আৰ্ন্ত:জাতিক সংস্থা ‘ছ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ’ৰ উদ্যোগত আৰু শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত ‘সাঁচিপতীয়া পুথি প্ৰস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন’ শীৰ্ষক এখনি পাঁচদিনীয়া ৰাজ্যিক পৰ্যায়ৰ আৱাসিক কৰ্মশালা ২ জুলাইৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত অনুষ্ঠিত হৈ যায়।
কৰ্মশালাত সাঁচিপাতৰ প্ৰস্ততকৰণ আৰু ইয়াৰ বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ লগতে হেঙুল, হাইতাল আদিৰে ইয়াক প্ৰকৃত ৰূপত প্ৰস্ততকৰণৰ উপৰি শংকৰী শৈলীত অংকনৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়।