ডিব্ৰুগড়ঃ ৰাজ্যৰ প্ৰতিটো সমস্যাৰ হকে সংগ্ৰাম কৰি অহা অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ চাবুৱা আঞ্চলিক সমিতি আৰু ঐতিহ্যমণ্ডিত দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত শৈক্ষিক পৰিবেশ গঢ়াৰ উদ্দেশ্যে শিক্ষা শিবিৰ অনুষ্ঠিত হয়৷ এমহীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা পাঠদান শিবিৰৰ ৩১ জুলাইত সামৰণি পৰে৷
দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপক বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সমাজকৰ্মী নিতুল গোহাঁই, জাতীয়তাবাদী যুৱ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি চন্দন দাস, সহ-সম্পাদক সত্যজিৎ কোঁৱৰ, বিত্ত সম্পাদক প্ৰণৱজ্যোতি বৰুৱা, শিক্ষা সাংস্কৃতিক সম্পাদক সঞ্জু দাস, কুমাৰ বৰা, কল্পজ্যোতি সেনাপতি, সাংবাদিক তপন কুমাৰ শইকীয়া, জয়ন্ত গগৈ অাৰু ধনটি দত্ত উপস্থিত থাকে৷