লালুকঃ আজিৰ পৰা লখিমপুৰ জিলাৰ লালুকৰ জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ অঙ্গনবাড়ী কৰ্মী প্ৰশিক্ষণ কেন্দ্ৰত বগিনদী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মী সকলৰ ৫ দিনীয়া পৰিশীলন পাঠ্যক্ৰম প্ৰশিক্ষণ আৰম্ভ হয়। এই উপলক্ষে জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি ধমেন্দ্ৰ কুমাৰ হাজৰিকা দেৱে আনুষ্ঠানিকভাৱে পুৱা ৯-৪৫ বজাত অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানটোত আয়োজিত সভাত উপ-সভাপতি আবু চৈয়দ খান আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে।
আনহাতে আজিৰ পৰা ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ নিৰ্মীয়মান প্ৰশাসনীক ভৱনৰ ১ম মহলাত আধুনিক কৃষি প্ৰনালী আৰু শস্য চপোৱা ব্যৱস্থাপনা সম্পৰ্কীয় এখন ৪ দিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।