দুলীয়াজানঃ বিহু আহি পালেহি৷ আৰু মাত্ৰ কেইটামান দিন, সকলোৱে ব্যস্ত হৈ পৰিছে আদৰৰ মাঘ বিহুক লৈ৷ মাঘ বিহু মানেই গাৱেঁ হওক, চহৰে হওক সকলোতে উখল মাখল পৰিৱেশ ৷ কোনোবা যদি মেজি সজোৱাত ব্যস্ত আন কোনোবাই ব্যস্ত হৈ পৰে মেজিৰ সা-সামগ্ৰী যোগান ধৰাত৷ মহিলা সকলো ব্যস্ত হৈ পৰিছে লাড়ু, পিঠা আদি বনোৱাৰ বাবে লাগতিয়াল খাদ্য সামগ্ৰী প্ৰস্তুত কৰাত৷
তাৰে মাজতে একাংশই আকৌ লগ-বন্ধুৰ সৈতে এইবাৰৰ বিহুত মাছ খাব নে মাংস খাব তাকে লৈ ব্যস্ত। মাঘৰ বিহুৱে সকলোৰে মাজতে আনি দিয়ে এক আনন্দৰ বতৰা৷ কাৰণ মাঘ বিহুক লৈয়ে বহুতৰ মাজতে বিভিন্ন ধৰণে পৰিকল্পনা কৰাওঁ দেখা যায়৷ কিদৰে বিহুটো উপভোগ কৰিব৷ কোনোবাই যদি পুখুৰিত মাছ ধৰিবলৈ যায় আন কোনোবাই পুৱাই বজাৰত মাছ কিনাৰ লগতে একেলগে পৰিয়ালৰ সকলোৱে মিলি এসাঁজ খাই আনন্দ উপভোগ কৰে৷