গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান নেৰিডৰ উদ্যোগত আজি কৃষি প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ সজাগতা সভা তথা প্ৰশিক্ষণ শিবিৰত অসম ৰাজ্যিক বীজ প্রমাণিকৰণ আভিকৰণৰ সহকাৰী বীজ প্রমাণিকৰণ বিষয়া ভূপেন হাজৰিকাৰ লগতে বীজ উৎপাদন সমিতিৰ বহু বিষয়ববীয়া উপস্থিত থাকে৷
নেৰিডৰ সম্পাদক ধ্রুৱজ্যোতি বড়াই আঁতধৰা সভাত কেইবাটাও গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ বীজ উৎপাদন সমিতি সমূহৰ প্রচেষ্টাত মাহ, সৰিয়হ, আলু, কবি, বিলাহীকে আদি কৰি সকলো শস্যৰ খেতি কৰাৰ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনায়৷