newsnextone.com | পৰ্বতঝোৰা/বটদ্ৰৱাঃ সুস্থ শৰীৰ মানেই নিচা বৰ্জন৷ নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত থাকিলেহে এজন ব্যক্তি সুস্থ হ’ব পাৰিব৷ আনহাতে নিচাযুক্ত সামগ্ৰীয়ে সমাজতো কু প্ৰভাৱ পেলায়৷ এনে সামগ্ৰীৰ বাবে এখন সমাজৰ শান্তি বিনষ্ট হৈ হত্যা, ধৰ্ষণ, লুন্ঠন আদিৰ দৰে কাণ্ড বৃদ্ধি পায়৷ সেয়ে সুস্থ স্বাস্থ্য আৰু সুস্থ সমাজৰ প্ৰতি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰত্যেক বছৰৰ ২৬ জুন তাৰিখে পালন কৰা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱস হিচাপে৷
সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱস পালন কৰা দেখিবলৈ পোৱা যায়৷ বিভিন্ন সামাজিক সংস্থাই ৰাজ্যৰ বিভিন্ন অঞ্চলত ড্ৰাগছ দিৱস আয়োজন কৰি মাদক দ্ৰব্য আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰে৷