newsnextone.com | পৰ্বতঝোৰা/বটদ্ৰৱাঃ সুস্থ শৰীৰ মানেই নিচা বৰ্জন৷ নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত থাকিলেহে এজন ব্যক্তি সুস্থ হ’ব পাৰিব৷ আনহাতে নিচাযুক্ত সামগ্ৰীয়ে সমাজতো কু প্ৰভাৱ পেলায়৷ এনে সামগ্ৰীৰ বাবে এখন সমাজৰ শান্তি বিনষ্ট হৈ হত্যা, ধৰ্ষণ, লুন্ঠন আদিৰ দৰে কাণ্ড বৃদ্ধি পায়৷ সেয়ে সুস্থ স্বাস্থ্য আৰু সুস্থ সমাজৰ প্ৰতি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰত্যেক বছৰৰ ২৬ জুন তাৰিখে পালন কৰা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱস হিচাপে৷

সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে অসমতো আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱস পালন কৰা দেখিবলৈ পোৱা যায়৷ বিভিন্ন সামাজিক সংস্থাই ৰাজ্যৰ বিভিন্ন অঞ্চলত ড্ৰাগছ দিৱস আয়োজন কৰি মাদক দ্ৰব্য আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি পৰ্বতঝোৰাৰ আলমগঞ্জতো ৬৭নং বি এছ এফৰ উদ্যোগত ‘আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱস’ পালন কৰা হয়৷ ড্ৰাগছ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সজাগতা সভাত উপস্থিত শতাধিক স্থানীয় লোকক উদ্দেশি ভাষণ প্ৰদান কৰে  ৬৭ নং বি এছ এফৰ বিষয়া সুমন ৰায়ে৷ 

ভাষণ প্ৰসংগত তেওঁ নিচাযুক্ত সামগ্ৰীৰ প্ৰতি আকৃষ্ট লোকসকলক যদি তেনে সামগ্ৰীসমূহৰ পৰা আঁতৰাই ৰাখিব পৰা যায়, তেন্তে সমাজখন সু-শৃংখলাবদ্ধ হ’ব বুলি মত প্ৰকাশ কৰে৷

ইফালে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলা আৰক্ষীৰ উদ্যোগত আৰু IQAC-ৰ সহযোগত নগাঁও মহাবিদ্যালয়ৰ ঐতিহ্যমণ্ডিত যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হয়৷ IQAC-ৰ সমন্বয়ক ড০ চিন্তামণি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ আগবঢ়ায় আৰু নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাসে দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে৷

ভাৰতীয় আৰক্ষী সেৱাৰ সুদক্ষ বিষয়া তথা জিলাখনৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসটিৰ তাৎপৰ্য ব্যাখ্যা কৰি এলানি মনোজ্ঞ বক্তৃতা আগবঢ়ায়৷ আৰক্ষী অধীক্ষকগৰাকীয়ে ছাত্র-ছাত্রী, শিক্ষক সমাজ, অভিভাৱকৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিকে নিচাযুক্ত দ্ৰব্যৰ অপব্যবহাৰ ৰোধ কৰিবৰ বাবে ল’বলগীয়া ব্যৱস্থাৰ ওপৰত সাৱলীলভাৱে তত্বগধুৰ বক্তব্য প্ৰদান কৰে। 

বৰ্তমান সময়ত উঠি অহা প্ৰজন্মক শুদ্ধ পথ দেখুৱাই এনেবোৰ জীৱন তথা সমাজধ্বংসী কাৰ্যৰ পৰা নৱ প্ৰজন্মক বিৰত ৰখাৰ ক্ষেত্ৰত অভিভাৱক তথা সমাজৰ সচেতন ব্যক্তিসকল নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজনীয়া সন্দৰ্ভতো নিজা ভাষণত আৰক্ষী বিষয়াগৰাকীয়ে গুৰুত্ব প্ৰদান কৰে৷ ইয়াৰ পিছতে অধ্যাপক বন্তি নেওগে শলাগৰ শৰাঁই আগবঢ়ায়৷