কোকৰাঝাৰঃ সমগ্ৰ বিশ্বৰ লগতে আজি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা জিলা যক্ষ্মা বিভাগৰ উদ্যোগত বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা হয়৷ যক্ষ্মা দিৱসৰ সতে সংগতি ৰাখি অাজি পুৱা চিকিৎসালয়ৰ চৌহদৰ পৰা এক সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয় ৷
কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ বসুমতাৰীয়ে পতাকা জোকাৰি শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। শোভাযাত্ৰাৰ উদ্বোধনী ভাষণত বসুমতাৰীয়ে জিলাখনৰ যক্ষ্মা বিভাগটোৱে ইতিমধ্যে বহু ৰোগীক চিনাক্ত কৰি সুস্থ কৰি তোলাৰ বাবে ৰাজ্যখনৰ ভিতৰতে তৃতীয় স্থান পোৱাত সন্তুষ্টি প্ৰকাশ কৰি যক্ষ্মা ৰোগ চিনাক্তকৰণ আৰু নিৰ্মূলকৰণৰ বাবে বিভাগটোৱে লোৱা পদক্ষেপৰ শলাগ লয়।