newsnextone.com। বটদ্ৰৱাঃ সমগ্ৰ বিশ্বতে আজি উদ্ যাপন কৰা হৈছে বিশ্ব ধপাত বিৰোধী দিৱস৷ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বিভিন্ন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয় বিশ্ব ধপাত বিৰোধী দিৱস ৷
বটদ্ৰৱা চৰকাৰী বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, বটদ্ৰৱা বৰভেটী প্ৰাথমিক বিদ্যালয়, বটদ্ৰৱা বৰভেটি মোক্তাৱ, বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়, বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা ভেটিয়নী প্ৰাথমিক বিদ্যালয়ৰ লগতে বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ত আজি বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে এই দিৱসটি পালন কৰা হয় ৷