ডিজিটেল ডেস্কঃ ‘প্ৰিয় ৰং কি?’ এই প্ৰশ্নৰ উত্তৰ নিশ্চয় জীৱনত এবাৰ নহয় এবাৰ সকলোৱে দিছেই। বিশেষকৈ শৈশৱত স্কুলীয়া দিনত। ডাঙৰ হোৱাৰ লগে লগে নিজৰ প্ৰিয় ৰঙৰ লগতে অইনৰ পছন্দ-অপছন্দৰ ৰঙৰ কথাও মন ৰাখিবলগীয়া হৈছে। সি যি নহওক, এনে কোনো ৰং কাৰোবাৰ চকুত পৰিছেনে, যি ৰং দ্বিতীয়বাৰ চোৱাৰ কথা ভাবিলেই অজান এক আশংকাত চকু দুটি নিজে নিজে মুদ খাই যায়? অৰ্থাৎ কুৎসিত ৰং দেখা মনত পৰিছেনে কেতিয়াবা?
পৃথিৱীৰ আটাইতকৈ দেখিবলৈ বেয়া লগা কুৎসিত ৰং কি? এই প্ৰশ্ন মনলৈ আহিলেও, উত্তৰ পিছে কাৰো হাততেই নাই। কিন্তু শেহতীয়াকৈ সন্ধান পোৱা গৈছে এই প্ৰশ্নৰ উত্তৰটোৰ।