Home ৰাজ্যস্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ সামৰণি

স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ সামৰণি

by News Desk
133 views
A+A-
Reset

চাবুৱাঃ “আমি যি কাম কৰিম ভাল কাম কৰিম। যি সিদ্ধান্ত লম, ভাল সিদ্ধান্ত লম। ভাল কামৰ মৃত্যু নাই।”- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। চাবুৱা জেৰাই গাঁৱত দেওবাৰে অনুষ্ঠিত ২১২ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উঠি অহা যুৱক-যুৱতী সকলক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ, শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধ দেৱ, জ্যোতি-বিষ্ণু, ফণী শৰ্ম্মাৰ আদৰ্শৰে বাট বুলিবলৈ আহ্বান জনায়।

বিশ্বৰ বুকুত নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ’লে, সততা, নিষ্ঠা, ত্যাগ আৰু নিৰ্ভিকতাৰে সংযম ৰক্ষা কৰি কাম কৰি যাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। আনহাতে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ আদৰ্শ তথা ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ চিন্তা-ধাৰা, স্বাভিমানক শ্ৰদ্ধা সহকাৰে জীয়াই ৰাখিবলৈ এইখন চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, মায়ামৰা সমাজৰ গুৰু অনিৰুদ্ধ দেৱৰ নামত এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে ইতিমধ্যে বাজেটত প্ৰথম পৰ্যায়ত এক কোটি টকা ধাৰ্য কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0