গুৱাহাটীঃ ফেচবুক বন্দুকধাৰীৰ এইবাৰৰ টাৰ্গেট অখিল গগৈ৷ কাই খাপলাঙে জুবিন গাৰ্গক হত্যাৰ ভাবুকি দিয়াৰ পিছত এইবাৰ অখিলক হত্যাৰ ভাবুকি দিছে এজন গল্পকাৰে৷ কৃষক নেতাজনক অনুজ্ঞাপ্ৰাপ্ত ৰেমিংটনেৰে গুলীয়াই হত্যাৰ ভাবুকি দিয়া নিজকে সৰ্বশ্ৰেষ্ঠ গল্পকাৰ বুলি জহাই ফুৰা এইলোকজন হৈছে নীলোৎপল বৰুৱা৷
ৰাজ্যখনৰ কেবাখনো কাকত আলোচনীত মাজে মাজে দুই-এটা গল্প লিখি নিজকে অসমৰ সৰ্বশ্ৰেষ্ঠ গল্পকাৰ আখ্যা দি অহা লোকজনে কালি নিশা ১১.০৪ বজাত ফেচবুকযোগে অখিলক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ ‘‘অখিলক পালে এইবাৰ তাক মোৰ অনুজ্ঞাপ্ৰাপ্ত ৰেমিংটনটোৰ গুলীৰে থকা-সৰকা কৰাৰ বৰ ইচ্ছা…৷’-পোষ্টটোত এইদৰে কৃষক নেতাজনক হত্যাৰ ভাবুকি প্ৰদান কৰে লোকজনে৷