লাহোৱালঃ জ্বৰত আক্ৰান্ত ৰোগীক খৰৰ ঔষধ দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিব্ৰুগড় জিলাৰ লাহোৱালত৷ অঞ্চলটোৰ ৫ বছৰীয়া এটি শিশুক এগৰাকী ফাৰ্মাচিষ্টে খৰ-খজুৱতিৰ ঔষধ খাবলৈ দিয়াত শিশুটো গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হ’বলগীয়া হয়৷
ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰহমৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই কাণ্ড। জানিব পৰা মতে, লাহোৱালৰ চামনি গাঁৱৰ টিৰুজ গোহাঁইৰ ৫ বছৰীয়া পুত্ৰ অবিনাশ গোহাঁইৰ জ্বৰ হোৱাত যোৱা ১১ জুলাইত স্থানীয় ৰহমৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে লৈ যায়৷