মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত নবিল পথাৰ গাঁৱত যোৱা ৮ মে’ৰ পুৱতি নিশা এটা প্ৰকাণ্ড বনৰীয়া হাতী অতৰ্কিতে আবিৰ্ভাৱ হৈ গাওঁখনৰ বাসিন্দা ভক্ত বাহাদুৰ ছেত্ৰীৰ কন্যা স্বপ্না ছেত্ৰীক প্ৰস্ৰাৱগাৰলৈ যোৱাৰ পৰত আক্ৰমণ চলাই মূৰ আৰু বুকুত গুৰুতৰভাৱে আহত কৰিছিল।
ইয়াৰ পিছত পৰিয়ালটোৱে ততালিকে ১০৮ সেৱাৰ সহায়ত আহত যুৱতীগৰাকীক তেজপুৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰায়। কিন্তু সেইদিনা কিছু সময়ৰ বাবে আহত যুৱতীগৰাকীক চিকিৎসালয়খনত ৰখাৰ পাছত পুনৰ গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।