গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে সমগ্ৰ দেশ অধিৰ আগ্ৰহেৰে বাটচাই থকা সময়তে বুধবাৰে ৰাজ্যত ছেবাই ঘোষণা কৰিব ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল। ছেবাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি অহা কালিলৈ পুৱা ৯ বজাত ইণ্টাৰনেটৰ জৰিয়তে ঘোষণা কৰিব ২০১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল। ইয়াৰ উপৰিও পূৰ্বৰ বছৰৰ দৰে এইবাৰো ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ পৰীক্ষাৰ কেন্দ্ৰত দিনৰ ১১ বজাত লাভ কৰিব মাৰ্ক্সচিট আৰু চাৰ্টিফিকেট। তাৰ বাবে ছেবাৰ কৰ্তৃপক্ষই ইতিমধ্যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নিৰ্দিষ্ট জিলাসমূহলৈ বন্ধ খামত প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাত মুঠ ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱৰ্তীন হৈছে। আনহাতে, পূৰ্বৰ বছৰসমূহত প্ৰতিবাৰে ছেবাৰ কৰ্তৃপক্ষই ফলাফল ঘোষণা কৰি ৰাইজৰ কটুসমালোচনা সন্মুখীন হয়। কাৰণ ফলাফল ঘোষণাত কিছু আসোঁৱাহ ৰৈ যোৱাৰ বাবে। সেই কথা লক্ষ ৰাখিবৰ বাবে এইবাৰ ফলাফল ঘোষণাত যাতে কোনো আসোঁৱাহ ৰৈ নাযায় তাৰ বাবে ছেবাৰ কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে ছেবাৰ কাৰ্যলয়ে।