82
শোণিতপুৰঃ আজি যোগ দিৱস। যোগ সাধনা কেৱল হিন্দু সংস্কৃতিৰ অঙ্গীভূত হৈ থকা নাই। সমগ্ৰ বিশ্বতে যোগৰ গুৰুত্ব অপৰিসীম। যোগ সাধনাৰ ফলপ্ৰসূ প্ৰায়োগিক দিশ সম্পৰ্কে আজি সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে।
নিত্য নৈমিত্তিক জীৱন যাত্ৰাত সুস্থ আৰু সৱল হৈ থকাৰ একমাত্ৰ প্ৰাকৃতিক উপায়টোৱেই হল যোগ সাধনা। পশ্চিমীয়া ৰাষ্ট্ৰসমূহেও ইয়াৰ গুৰুত্ব বুজি যোগ সাধনাৰে নিজকে সুস্থ ৰখাৰ বাবে প্ৰতিনিয়ত অভ্যাস কৰা পৰিলক্ষিত হৈছে।