newsnextone.com | গোৰেশ্বৰঃ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ২১ জুন তাৰিখটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হয়৷ এটি সুস্থ আৰু সবল শৰীৰ আৰু মনৰ অধিকাৰী হ’বলৈ যোগ সাধনা নিতান্তই প্ৰয়োজনীয়৷ এই কথা উপলব্ধি কৰিয়েই সমগ্ৰ বিশ্বত যাতে সুস্থ আৰু সবল মন, শৰীৰ বৃদ্ধি পায় তাৰ বাবেই প্ৰতিবছৰৰ ২১ জুন তাৰিখত বিশ্ব যোগ দিৱস উদযাপন কৰা হয়৷
সমগ্ৰ দেশৰ লগতে আজি অসমতো উলহ মালহেৰে যোগ দিৱস পালন কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ গোৰেশ্বৰতো পতঞ্জলি যোগ সমিতি, গোৰেশ্বৰ শাখাৰ উদ্যোগত বাক্সা জিলা পতঞ্জলি যোগ সমিতি, মহিলা পতঞ্জলি যোগ সমিতি, ভাৰত স্বাভিমান ন্যাস, পতঞ্জলি কিষাণ সেৱা সমিতি আৰু যুৱ ভাৰতৰ সহযোগত চতুৰ্থ বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বেঙেনাহাটী সত্ৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়।