গোৰেশ্বৰঃ যোগাভ্যাস কৰিলে মানুহ সুস্থ হৈ থাকিব পাৰে৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাৰ বাবে দেশত এতিয়া যোগৰ জোৱাৰ উঠিছে। প্ৰতিজন মানুহৰ ওচৰলৈ যোগ- প্ৰণায়মক লৈ গৈ এখন নিৰোগী দেশ গঢ়াৰ কামত ব্ৰতী হৈছে অনুষ্ঠান-প্ৰতিষ্ঠান।
পিছ পৰি থকা নাই শিক্ষানুষ্ঠান সমূহো। বাক্সা জিলাৰ গোৰেশ্বৰৰ ব্যক্তিগত খণ্ডৰ উচ্চশিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান এন আৰ ডি এছ মহাবিদ্যালয়ত সেয়েহে সোমবাৰে এদিনীয়া কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যোগ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়।