লক্ষ্ণৌঃ টুইটাৰযোগে যৌন আতিশায্যৰ অভিযোগৰ তাৎক্ষণিক সঁহাৰি দিলে উত্তৰ প্ৰদেশৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। দৌল উৎসৱৰ দিনা ফাকুৱা খেলাৰ চলেৰে পত্নি-জীয়ৰীক অশালীন ব্যৱহাৰ কৰা আৰু যৌন আতিশায্য চলোৱা যুৱকৰ দল এটাৰ বিৰুদ্ধে কল্যাণপুৰৰ ভুক্তভোগীৰ পৰিয়ালে স্থানীয় আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল যদিও একো ফল পোৱা নাছিল।

সেয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ টুইট কৰিবলৈ বাধ্য হয় ভুক্তভোগীৰ পৰিয়াল। লগে লগে আৰক্ষীৰ সঞ্চালক প্ৰধানে বিষয়টো গুৰুত্বসহকাৰে লৈ সংশ্লিষ্ট বিভাগক বিষয়টোৰ তদন্তৰ কঢ়া নিৰ্দেশ দিয়ে। মূহুৰ্ততে তৎপৰ হৈ উঠা স্থানীয় আৰক্ষীয়ে ভুক্তভোগীৰ ঘৰলৈ গৈ সাক্ষাত কৰাৰ লগতে অভিযোগৰ অনুসন্ধান আৰম্ভ কৰিছে। 

মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰিয়ে যোগীয়ে কেতবোৰ কঢ়া পদক্ষেপ গ্ৰহণ কৰি চৰ্চালৈ আহিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে গুটখা-পান মছলা আদি চৰকাৰী কাৰ্যায়লয়ত নিষিদ্ধ ঘোষণা কৰিছিল।