আগৰতলাঃ মই ত্ৰিপুৰৰা জনসাধৰণক ধন্যবাদ জনাইছো আপোনালোকে বিজেপিৰ চৰকাৰ বনাবলৈ আগবাঢ়িছে৷ ত্ৰিপুৰাই এক ভয়াবহ দিশেৰে আগবাঢ়ি আছে৷ এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সোমবাৰে পুৱাই ত্ৰিপুৰাত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহে৷ ত্ৰিপুৰাৰ ৰাজধানী পৰা প্ৰায় ১৭৮ কিঃ মিঃ নিলগৰ জবৰণগঞ্জত এখন বিশেষ হেলিকপ্টাৰেৰে উপস্থিত হয়৷
প্ৰথমে গোৰক্ষনাথ মন্দিৰৰ এক অনুষ্ঠানত অংশ লয়৷ তাৰ পিছত ত্ৰিপুৰাৰ ধৰ্ম নগৰত ৰোড শ্বত অংশ লয়৷ ৰোড শ্বৰ অন্তত এখন বিশাল জনসভাত অংশ লৈ যোগী আদিত্য নাথে বিধায়ক বিশ্ব নাথ সেনৰ হৈ প্ৰচাৰ চলাই৷ জনসভাত কংগ্ৰেছ আৰু বামপন্থী চৰকাৰক তীব্ৰ সমালোচনা কৰে যোগীয়ে৷ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত দেশ সলনি হ’ব ধৰিছে বুলি কয় যোগীয়ে৷