আগৰতলাঃ মই ত্ৰিপুৰৰা জনসাধৰণক ধন্যবাদ জনাইছো আপোনালোকে বিজেপিৰ চৰকাৰ বনাবলৈ আগবাঢ়িছে৷ ত্ৰিপুৰাই এক ভয়াবহ দিশেৰে আগবাঢ়ি আছে৷ এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সোমবাৰে পুৱাই ত্ৰিপুৰাত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহে৷ ত্ৰিপুৰাৰ ৰাজধানী পৰা প্ৰায় ১৭৮ কিঃ মিঃ নিলগৰ জবৰণগঞ্জত এখন বিশেষ হেলিকপ্টাৰেৰে উপস্থিত হয়৷

প্ৰথমে গোৰক্ষনাথ মন্দিৰৰ এক অনুষ্ঠানত অংশ লয়৷ তাৰ পিছত ত্ৰিপুৰাৰ ধৰ্ম নগৰত ৰোড শ্বত অংশ লয়৷ ৰোড শ্বৰ অন্তত এখন বিশাল জনসভাত অংশ লৈ যোগী আদিত্য নাথে বিধায়ক বিশ্ব নাথ সেনৰ হৈ প্ৰচাৰ চলাই৷ জনসভাত কংগ্ৰেছ আৰু বামপন্থী চৰকাৰক তীব্ৰ সমালোচনা কৰে যোগীয়ে৷ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত দেশ সলনি হ’ব ধৰিছে বুলি কয় যোগীয়ে৷

বিশ্বৰ ভিতৰত এতিয়া ভাৰতৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী৷ মোডীৰ নেতৃত্বত সলনি হৈছে অৰ্থনৈতিক ব্যৱস্থা৷ ভাৰতৰ অৰ্থনৈকিত অৱস্থা শক্তিশালী হ’ব ধৰিছে আৰু বিশ্বৰ ভিতৰত শক্তিশালী এতিয়া ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ লগতে মোডী জীয়ে সমগ্ৰ দেশত উন্নয়নৰ স্বাৰ্থত নতুন অৰ্থনৈতিক পৰিৱেশ গঢ় দিছে৷ বিজেপিয়ে ২০১৩ চনত দিয়া চবকা চাথ-চবকা-বিকাশৰ পথেৰে ভাৰত বৰ্ষ আগবাঢ়িছে৷

বিজেপিয়ে কোনো ভেদভাৱ নোহোৱাকৈ সকলোৰে লৈ চবকা চাথ-চবকা-বিকাশৰ শ্ল’গানেৰে উন্নয়ন কৰিব বিচাৰে৷ ত্ৰিপুৰাৰ জনসাধৰণৰ আৱেগৰ সৈতে খেলা কৰি থকা হৈছে৷ MGNREGA আঁচনিৰ নামত ত্ৰিপুৰাত লুট ৰাজ চলি আছে৷ ত্ৰিপুৰা এখন প্ৰয়োজনীয় ৰাজ্য৷ ৰাজ্য খন সম্পদৰ ভঁৰাল৷ আমি আহি থকা দিনবোৰত ত্ৰিপুৰাক উন্নয়নেৰে আদৰ্শ ৰাজ্য হিচাপে গঢ় দিব বিচাৰো বুলি কয় যোগীয়ে৷