কোকৰাঝাৰঃ কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক যোগী সন্মিলনীৰ ৩৫সংখ্যাক দ্বিবাৰ্ষিক অধিৱেশন অহা ৮ আৰু ৯ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ভূটীয়াপাৰা খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক যোগী সন্মিলনীৰ ৩৫ তম দ্বিবাৰ্ষিক অধিবেশন উপলক্ষে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।
কাৰ্যসূচী অনুসৰি অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ ৮ এপ্ৰিলৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক যোগী সন্মিলনীৰ সভাপতি গোলক চন্দ্ৰ নাথ, ৮:৩০ বজাত শ্বহীদ তৰ্পন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি মনু নাথ, ৯:০০বজাত বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিষ্টুৰাম নাথে, ৯:৩০বজাত অনুষ্ঠিত হ’ব চাফাই অভিযান। পুৱা ১১:০০ বজাৰ পৰা অাৰম্ভ হ’ব প্ৰতিনিধি পঞ্জীয়ন আৰু বিয়লি ১:৩০ বজাৰ পৰা ক্ৰমান্বয়ে মূল, যুৱ, মহিলা সমিতিৰ বিষয় বাছনি সভা অনুষ্ঠিত হ’ব ।