নতুন দিল্লীঃ অহা ১১ এপ্ৰিলৰপৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ১ কোটি ৫০ লাখতকৈ অধিক ১৮-১৯ বছৰীয়া ভোটাৰে প্ৰথম বাৰৰ বাবে ভোট দিব।

প্ৰথম বাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া এই বয়স গোটৰ হাৰ মুঠ ভোটাৰৰ ১.৬৬ শতাংশ। এই বছৰৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ কৰা আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা সকলো ভাৰতীয় নাগৰিকে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা পাব।

২০১৯ৰ জানুৱাৰীত দেশৰ মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৯০ কোটিৰ সীমা চুইছেগৈ। ২০১৪ চনত এই সংখ্যা আছিল ৮১ কোটি ৯০ লাখ। যোৱা পাঁচ বছৰত ভোটাৰৰ সংখ্যা পায় চাৰে আঠ কোটি বৃদ্ধি পালে।

উল্লেখযোগ্য যে নিৰ্বাচন আযোগে ২০১২ চনৰপৰা তৃতীয় লিংগৰ লোকসকলক 'অন্যান্য’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰি ভোটাধিকাৰ প্ৰদান কৰি আহিছে। এইবাৰৰ ভোটাৰ তালিকাত এনে ভোটাৰৰ সংখ্যা ৩৮,৩২৫ জন।

এইবাৰৰ নিৰ্বাচনত প্ৰথম বাৰৰ বাবে প্ৰৱাসী ভাৰতীয়সকলকো ভোটাধিকাৰ প্ৰদান কৰা হৈছে। সেই অনুসৰি ভোটাৰ তালিকাত ৭১,৭৩৫ জন এনে ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। তদুপৰি সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত কৰ্তব্যৰত ভোটাৰৰ সংখ্যা ১৬ লাখ ৭৭ হাজাৰ ৩৮৬ জন।

২০১৪ চনৰ নিৰ্বাচনত ৯ লাখ ২৮ হাজাৰটা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে এইবাৰৰ নিৰ্বাচনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ব ১০ লাখ ৩৫ হাজাৰ ৯১৮ টা।