86
নতুন দিল্লীঃ অহা ১১ এপ্ৰিলৰপৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ১ কোটি ৫০ লাখতকৈ অধিক ১৮-১৯ বছৰীয়া ভোটাৰে প্ৰথম বাৰৰ বাবে ভোট দিব।
প্ৰথম বাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া এই বয়স গোটৰ হাৰ মুঠ ভোটাৰৰ ১.৬৬ শতাংশ। এই বছৰৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ কৰা আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা সকলো ভাৰতীয় নাগৰিকে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা পাব।