লিডুঃ NSCN-এ অসমৰ লোকক হাৰশাস্তি কৰি অহাৰ সময়তে সেনাই ওলোটাই অসমীয়া যুৱকক NSCNৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ নিৰ্দোষী যুৱকক সেনাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিচুকীয়া জিলাত৷
অসম ৰাইফলচে তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং লালপাহাৰ গাঁৱত অভিযান চলাই এনএছচিএন আৰৰ সৈতে জৰিত থকাৰ অভিযোগত এগৰাকী যুৱকক আটক কৰাৰ পিছৰে পৰা তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ মুনু আউ (৩৩) নামৰ যুৱকজনক সোমবাৰে নিশা অসম ৰাইফলচে নিজ ঘৰৰ পৰা উঠাই আনে৷