ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিফুত ভেলেণ্টাইন ডে’ৰ দিনটোতে ৰঙাঘৰৰ আলহী হ’ল এজন প্ৰেমিক৷ বুধবাৰে পুৱা ডিফু আৰক্ষীয়ে ডিফু অসামৰিক চিকিৎসালয়ৰ সমীপত প্ৰেমিকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহে প্ৰেমিকাক হত্যা কৰিব খোজাৰ লোমহৰ্ষক ঘটনা৷ দীৰ্ঘদিনৰ পৰা ডিফু আৰক্ষী থানা এলেকাৰ ৫মাইলৰ এগৰাকী যুৱতীৰ সৈতে মাঞ্জা থানা এলেকাৰ ৰংপ্লিমপ্লামৰ দেৱেন তেৰাঙৰ প্ৰেমত সম্পৰ্ক আছিল৷ দুয়োৰে প্ৰেমৰ সম্পৰ্কত লাহে লাহে ফাট মেলিছিল৷
কিয়নো প্ৰেমিক দেৱেন তেৰাং বিবাহিত আৰু দুটা সন্তানৰ পিতৃ বুলি অৱগত হোৱাৰ পিছতেই প্ৰেমৰ সম্পৰ্ক ত্যাগ কৰে যুৱতীগৰাকীয়ে৷ কিন্তু প্ৰতাৰক প্ৰেমিকজনে সহজে এৰিব খোজা নাছিল প্ৰেমিকক৷ বাটে-ঘাটে প্ৰেমিকাৰ সংস্পৰ্শলৈ আহিবলৈ প্ৰেমিককাক নানা ধৰণে ব্যতিব্যস্ত কৰি আহিছিল আৰু যুৱতীগৰাকীয়ে সহ্য কৰি গৈছিল৷ অৱশেষত প্ৰেমিকাই উপায়ন্তৰহৈ নিজ বাসস্থান এৰি ডিফুৰ ঝিলপাৰত এটি ভাড়া ঘৰত আশ্ৰয়লৈ প্ৰেমিকৰ পৰা পৰিত্ৰাণ পাব বিচাৰে৷