ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিফুত ভেলেণ্টাইন ডে’ৰ দিনটোতে ৰঙাঘৰৰ আলহী হ'ল এজন প্ৰেমিক৷ বুধবাৰে পুৱা ডিফু আৰক্ষীয়ে ডিফু অসামৰিক চিকিৎসালয়ৰ সমীপত প্ৰেমিকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহে প্ৰেমিকাক হত্যা কৰিব খোজাৰ লোমহৰ্ষক ঘটনা৷ দীৰ্ঘদিনৰ পৰা ডিফু আৰক্ষী থানা এলেকাৰ ৫মাইলৰ এগৰাকী যুৱতীৰ সৈতে মাঞ্জা থানা এলেকাৰ ৰংপ্লিমপ্লামৰ দেৱেন তেৰাঙৰ প্ৰেমত সম্পৰ্ক আছিল৷ দুয়োৰে প্ৰেমৰ সম্পৰ্কত লাহে লাহে ফাট মেলিছিল৷

কিয়নো প্ৰেমিক দেৱেন তেৰাং বিবাহিত আৰু দুটা সন্তানৰ পিতৃ বুলি অৱগত হোৱাৰ পিছতেই প্ৰেমৰ সম্পৰ্ক ত্যাগ কৰে যুৱতীগৰাকীয়ে৷ কিন্তু প্ৰতাৰক প্ৰেমিকজনে সহজে এৰিব খোজা নাছিল প্ৰেমিকক৷ বাটে-ঘাটে প্ৰেমিকাৰ সংস্পৰ্শলৈ আহিবলৈ প্ৰেমিককাক নানা ধৰণে ব্যতিব্যস্ত কৰি আহিছিল আৰু যুৱতীগৰাকীয়ে সহ্য কৰি গৈছিল৷ অৱশেষত প্ৰেমিকাই উপায়ন্তৰহৈ নিজ বাসস্থান এৰি ডিফুৰ ঝিলপাৰত এটি ভাড়া ঘৰত আশ্ৰয়লৈ প্ৰেমিকৰ পৰা পৰিত্ৰাণ পাব বিচাৰে৷

তাতো সুৰক্ষিত নহ'ল দুৰ্ভগীয়া প্ৰেমিকাগৰাকী৷ বিগত বৰ্ষৰ ৪ ডিচেম্বৰৰ সন্ধিয়া প্ৰেমিক উপস্থিত হ'ল প্ৰেমিকাৰ ভাড়া ঘৰত আৰু প্ৰেমিকাক কেৰাচিন ঢালি জুই লগাই দি প্ৰাণে মৰাৰ চেষ্টা চলােৱাৰ অভিযোগ উত্থাপন হয়৷ তাৰ পিছতেই প্ৰেমিকাক ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি ততাতৈয়াকৈ চিকিৎসালয়ৰ পৰা পলায়ন কৰাৰ লগতে যোৱা দুমাহে পলাই থাকে দেৱেনে৷ যুৱতীগৰাকীয়ে মৃত্যুৰ সৈতে যুজ দি থাকি অৱশেষত নিজ মাতৃৰ সন্মুখত কৰুণ কাহিনী বৰ্ণানা কৰে৷

মাতৃয়ে এই সন্দৰ্ভত স্থানীয় ছাত্ৰ আৰু সংগঠনক অৱগত কৰে৷ মাতৃয়ে ডিফু থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০৭/৩২৬ ধাৰাত ২৪/১৮ নম্বৰত গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ তাৰ পিছতেই ভেলেণ্টাইন ডে'ৰ দিনটোকে প্ৰেমিকালৈ মনত পৰে দেৱেনৰ৷ কাহিলী পুৱাতে ঘাতক প্ৰেমিকগৰাকী ডিফু অসামৰিক চিকিৎসালয়ত ঘূৰি ফুৰাৰ খবৰ লাভ কৰে ডিফু আৰক্ষীয়ে৷

ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন দাসৰ নেতৃত্বত অভিযান চলাই প্ৰেমিক দেৱেন তেৰাঙক আটক কৰিবলৈ সক্ষম হয়৷ দেৱেনক আটক কৰাৰ পিছতেই কেএছএ, কেৱাইডিঅ আৰু কেএফএ আদি সংগঠনে উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৷ ডিফু আৰক্ষীয়ে দেৱেন তেৰাঙক ডিফু ন্যায়িক আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰাত ন্যায়ালয়ে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে৷

আনহাতে সাংবাদিকৰ সন্মূখত সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰে প্ৰেমিক দেৱেন তেৰাঙে৷ তেৰাঙে জানিব দিয়া অনুসৰি তেওঁ প্ৰেমিকাক জ্বলাই মাৰিবলৈ চেষ্টা কৰা নাছিল৷ অইনদিনৰ দৰে প্ৰেমিকাক সাক্ষাৎ কৰবলৈ গৈ প্ৰেমিকাই চৌকাত জুই ধৰি থাকোতেই কেৰাচনৰ বটল অসাৱধানতাৰ বাবে চৌকাত পৰি যোৱাত জুই জ্বলি উঠে আৰু প্ৰেমিকাৰ মুখ আৰু চুলিত অগ্নি সংযোগ হয় আৰু পিছত তাইৰ সৰ্বশৰীৰ গ্ৰাস কৰে বুলি কয়৷ জুই নুমাবলৈ চেষ্টা কৰোঁতে তেওঁৰ নিজৰ হাত পোৰে৷