তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ ১ নং বগৰিখুটিত যুৱককৰ গনপ্ৰহাৰত মৃত্যু হয়। প্ৰায় ৫ বছৰীয়া কণমানি শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ধন বাহাদুৰ কামাৰ নামৰ ২৮ বছৰীয়া যুৱক কিছমান লোকে যোৱাকালি প্ৰহাৰ কৰে।
বাতৰিত প্ৰকাশ যে যোৱা কালি সন্ধিয়া কেইজনমান যুৱকে ধন বাহাদুৰ কামাৰক কোনো ঠাইৰ পৰা কিছমান মানুহে ধৰি আনি বেয়াকৈ মাৰপিত কৰি ১ নং বগৰিখুটিৰ অৰঙা দোংৰ পাৰত পেলাই থৈ
যায় আৰু এই ঘটনা সম্পৰ্কে স্থানীয় গাওঁবুঢ়াক খবৰ দিয়ে।