newsnextone.com | ডিফুঃ সমগ্ৰ দেশত পালন কৰি অহা ‘ৰোজগাৰ মাংগে ইণ্ডিয়া’ কাৰ্যসূচী শনিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আইছা আৰু আৰৱাইএৰ যৌথ উদ্যোগতো পালন কৰা হয়৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফু চহৰত ৰাষ্ট্ৰীয় অভিযান ‘ৰোজগাৰ মাংগে ইণ্ডিয়া’ৰ অধিনত অনুষ্ঠিত হোৱা ছাত্ৰ আৰু যুৱ অভিৱৰ্তনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে অল ইণ্ডিয়া ষ্টুডেণ্টচ এছোছিয়েচন চমুকৈ আইছাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী তথা জেএনইউৰ প্ৰাক্তন সভানেত্ৰী সূচীতা দে’ই৷ পাৰ্বত্য জিলা কেইখনৰ ছাত্ৰ আৰু যুৱক-যুৱতীসকলক শিক্ষা, চাকৰি, সংৰক্ষণ আদিত বিজেপি চৰকাৰে বঞ্চনা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি বিজেপিয়ে দেশত সুশাসনৰ নামত ঘৃণা আৰু প্ৰৱঞ্চনাৰ ৰাজনীতি কৰিছে বুলি কয়৷
পুৱাই ডিফু চহৰৰ মাজেৰে উলিওৱা সমদলত আইছা আৰু আৰৱাইএৰ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ কেন্দ্ৰ-ৰাজ্য আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত বিজেপিৰ শাসন থকাৰ পিছতো স্বায়ত্ত ৰাজ্য প্ৰদানৰ সদিচ্ছা নথকাৰ বাবেই নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰি পাহাৰীয়া ৰাইজক প্ৰঞ্চনা কৰিলে বুলি কয় সূচীতা দে’ই৷ বহুজাতিক কোম্পানীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবে জিলাখনৰ বনাঞ্চল, জলখণ্ড আদি সহজতে এৰি দি ভূমিপুত্ৰসকলৰ সংস্থাপন আৰু বসবাস কৰাৰ সময়তে জীৱ জন্তৰ সুৰক্ষাৰ বাবে ইক’ছেনছেটিভ জ’নৰ কথাৰ আলমলৈ উচ্ছেদৰ ভাবুকি প্ৰদান কৰা হৈছে৷