newsnextone.com | চাবুৱা/ডিব্ৰুগড়ঃ দীৰ্ঘ দিন ধৰি মেৰামতিৰ অভাৱত ৰাজ্যৰ ঘাইপথ সমূহত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ জহি-খহি যাবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন ঘাইপথৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ ডিব্ৰুগড় চহৰৰ মাজেৰে পাৰ যোৱা হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে গাড়ী-মটৰ চলাব পৰা পৰিবেশ নোহোৱা হৈছে৷ নিতৌ পথটোত দুৰ্ঘটনা সংঘটিত হৈ মানুহ ঘূণীয়া হ’ব লগা হৈছে৷ বিভিন্ন দল-সংগঠনে সময়ে সময়ে পথটো মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক বিনোদ হাজৰিকাই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ হয়৷
এইবাৰ ৰাজ্য বিভিন্ন প্ৰান্তৰ ঘাইপথ, আন আন জৰাজীৰ্ণ পথ সমূহৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে৷ জৰাজীৰ্ণ ঘাই পথ, উপ-পথ সমূহৰ কদৰ্য অৱস্থাৰ বাবে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ পৰাই প্ৰতিবাদ আৰম্ভ কৰে কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে৷