ওদালগুৰিঃ মাঘ বিহুৰ দুদিন পূৰ্বে সকলোৰে আপোন খেলুৱৈইগৰাকীয়ে সকলোকে এই পৃথিৱীৰ পৰা মেলানি মাগিলে।সপোন বোৰ বুকুত বান্ধি লৈ অচিনা দেশলৈ গ’ল ওদালগুৰি চহৰৰ প্ৰতিভাৱান খেলুৱৈ দিপাংকৰ তালুকদাৰে(২৯)।
বুধবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত গুৱাহাটীৰ এপ’লো হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে দিপাংকৰে। স্বৰ্গীয় নিৰোদ তালুকদাৰ আৰু দিনা তালুকদাৰৰ কনিষ্ঠ পুত্ৰ অমায়িক যুৱক দিপাংৰৰ মৃত্যুত সমগ্ৰ ওদালগুৰি চহৰতে শোকৰ ছাঁ পৰে। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি জণ্ডিজ ৰোগত আক্ৰান্ত হৈ থকা দিপাংকৰে এই বিষয়ে ঘৰৰ কোনো সদস্যকে জনোৱা নাছিল।