বৰপেটাঃ বৰপেটা জিলাৰ কেওটকুছি জ্বালাপুৰা দলঙৰ কুৰত আজি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৰপেটা জিলাৰ ফাটাহাতীৰ জিতু ওজা নামৰ ৩৫ বৰ্ষীয় যুৱকজন দুদিন পুৰ্বৰ পৰা নিখোজ হৈ থকাৰ পাছত আজি দলঙৰ কুৰত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পাছত নাৱেৰে মৃতদেহটো কুৰৰ মাজৰ পৰা উদ্ধাৰ কৰে৷ মুৰ আৰু ডিঙিত চোকা অস্ত্ৰেৰে আঘাত কৰাৰ চিন দেখি আৰক্ষী আৰু স্থানীয় ৰাইজে যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰিছে৷