01
Jun
চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত হালোৱা গাঁৱত আজি এটা মৃতদেহ উদ্ধাৰ হোৱাত সৃষ্টি হৈছে চাঞ্চল্য। চলচলিৰ হালোৱা গাঁৱৰ পথৰ সমীপত উদ্ধাৰ হোৱা মৃতদেহটো বঢ়মপুৰ হাজৰিকা চুকৰ শৰৎ চন্দ্ৰ ভাগৱতী বুলি চিনাক্ত কৰা হৈছে।
পুৱা প্ৰাতঃভ্ৰমণলৈ অহা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে পুৰণিগুদামৰ আৰক্ষীক। অত্যধিক মদ্যপান কৰি নিশা লোকজন মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ অৱশ্যে আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে৷