newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ পাম গাঁৱৰ এজন যুৱকৰ বহিঃ ৰাজ্যত ৰে’লৰ চেপাত কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷ 

প্ৰাপ্ত খবৰ মতে, যোৱা ২৬ আগষ্টত ৰামপুৰ পাম গাঁৱৰ আব্দুল ছালামৰ পুত্ৰ জাকাৰিয়া হক চৌধুৰী ওৰফে মুকুট আনচাৰী (২৮) লগৰীয়াৰ লগত কৰ্ম সংস্থাপন বিচাৰি কেৰেলাৰ পাল্লিকেৰেলৈ যায়। তাতেই যুৱকজনে লগৰীয়াৰ লগত এজন ঠিকাদাৰ তলত ৰে’ল লাইনৰ কাষতে বালিৰ কামত শ্ৰমিক হিচাপে নিয়োজিত হয়৷ 

এনেদৰে কাম কৰি থকা অৱস্থাতে যোৱা ৪ ছেপ্তেম্বৰৰ দিনা বালি কঢ়িয়াই ৰে’ল লাইন পাৰ হ’বলৈ ধৰোতেই দুৰ্ভাগ্যজনক ভাৱে ৰে’লৰ চেপাত যুৱক জনৰ মৃত্যু হয়। 

ইফালে, শুকুৰবাৰে যুৱক জনৰ মৃতদেহ ৰামপুৰ পামৰ নিজ গৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিবেশত যুৱক জনৰ জানাজা নামাজ সম্পন্ন কৰা হয়। কাজেই, এমুঠি অন্ন যোগাৰ কৰিবলৈ গৈ বহিঃ ৰাজ্যত ৰে’লৰ চেপাত কৰুণ মৃত্যুক সাবটি লোৱা যুৱক জনৰ মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰিছে।