শিৱসাগৰঃ শিৱসাগৰত চোৰাং তেলৰ ৰমৰমীয়া বেহা যে অব্যাহত আছে সেয়া পুনৰ স্পষ্ট হৈ পৰিছে। বিশেষকৈ আৰক্ষী প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ সুযোগ গ্ৰহণ কৰি এটা চক্ৰই পেট্ৰ'ল-ডিজেলৰ চোৰাং বেহা চলাই জেপ গধূৰ কৰিবলৈ গৈ এই পৰ্যন্ত দুজনৰ প্ৰাণ হানি হৈছে। বিগত বৰ্ষত চোৰাং তেল সৰবৰাহ কৰা এখন ট্ৰেংকাৰত এজন জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণহানি হোৱাৰ পিছত ৫ জানুৱাৰীৰ পুৱতি নিশা এজন যুৱকৰ মৃত্যু হয়। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় শিৱসাগৰ বেতবাৰী কাকতিগাঁৱত।
বেতবাৰী কাকতিগাঁৱৰ মনোজ দত্ত নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত অবৈধভাৱে মজুত কৰি ৰখা ডিজেল ভৰ্তি এটা চিনটেক্সৰ টেংকৰ ভিতৰত উদ্ধাৰ হয় ক্ষণিক বৰুৱা (১৯) নামৰ এজন যুৱকৰ মৃতদেহ। আৰক্ষীয়ে এহেজাৰ লিটাৰৰ এটা চিনটেক্স কাটি উদ্ধাৰ কৰে চোৰাং তেলৰ বেহাৰ সৈতে জড়িত ক্ষণিক বৰুৱাৰ নিথৰ দেহ। প্ৰাপ্ত তথ্য অনুসৰি পুৱতি নিশা এখন বিলাসী বাহনত ক্ষণিক বৰুৱা গৈছিল মনোজ দত্তৰ ঘৰৰ চৌহদলৈ।
মনোজ দত্তৰ ঘৰৰ চৌহদত থকা ডিজেলভৰ্তি টেংকিটোত চোৰাং তেল ভৰাবলৈ গৈছিল নে আনিবলৈ গৈছিল সেয়া নিশ্চিতকৈ জানিব পৰা হোৱা নাই যদিও টেংকিটোৰ ভিতৰৰ পৰা মৰণ কাতৰ চিঞৰ মাৰিছিল ক্ষণিক বৰুৱাই। তাৰ পিছতে অসুস্থ মনোজ দত্তই পুৱতি নিশাই টেংকীটোৰ ওচৰলৈ যাওঁতে ক্ষণিক বৰুৱাৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে। পিছত আৰক্ষীক খবৰ দিয়াত পুৱা ৮ বজাত কোৱামৰা সত্ৰৰ ক্ষণিক বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰে।
মনোজ দত্তই সদৰী কৰা অনুসৰি তেওঁৰ পুত্ৰ কৌস্তূভ দত্ত আৰু সমবয়সীয়া ক্ষণিক বৰুৱাই বিগত কিছুদিনৰ পৰা চোৰাং তেলৰ ব্যৱসায় চলাই আছিল। অবৈধভাৱেই মজুত কৰিছিল বৃহৎ পৰিমাণৰ ডিজেল। যোৱা নিশাও তেনে কাৰবাৰ কৰিবলৈকে ক্ষণিক বৰুৱা কাকতি গাঁৱৰ মনোজ দত্তৰ বাসগৃহৰ চৌহদলৈ গৈছিল। তেনেতে সংঘটিত হয় অঘটন। ক্ষণিক বৰুৱাক প্ৰকৃততে হত্যা কৰি ডিজেল ভৰ্তি টেংকিত ভৰাই দিছিল নে ডিজেল ভৰ্তি টেংকিত সোমাই তেল উলিয়াই থাকোঁতে শ্বাস-প্ৰশ্বাস বন্ধ হৈ মৃত্যু মুখত পৰে সেয়া জানিব পৰা নাই। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সেয়া পোহৰলৈ আহিব।
অন্যহাতে পুৱা ক্ষণিক বৰুৱাৰ মৃতদেহ শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্পজ্যোতি শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চিনটেক্সৰ ভিতৰৰ পৰাৰ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থিত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইপিনে তেলৰ চোৰাং বেহা চলোৱা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। মনোজ দত্তৰ পুত্ৰ কৌস্তূভ দত্ত আৰু শিৱসাগৰ দৰিকাপাৰ সমীপৰ দিপু গগৈ নামৰ এজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা চলাইছে। দুয়োজনেই চোৰাং তেলৰ বেহা চলাই মুনাফা লুটি আহিছিল।
এই দুয়োজনেই বেতবাৰী কাকতিগাওঁ আৰু শিৱসাগৰ দৰিকা পাৰৰ সমীপত অবৈধ পেট্ৰ'ল-ডিজেলৰ ঘাটি গঢ়ি তুলি ভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিছিল। এই চোৰাং তেলৰ ব্যৱসায়ৰ বাবেই প্ৰাণ গ'ল ক্ষণিক বৰুৱাৰ। আৰক্ষীয়ে এই পৰ্যন্ত মাত্ৰ দুজনকহে গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও ৰৌ-বৰালি জালত পৰিবলৈ বাকী আছে।
উল্লেখ্য যে বেতবাৰী কাকতি গাওঁ, শুকান পুখুৰী, দিচাংঘাট আদি অঞ্চলত দীৰ্ঘদিনৰে পৰা চোৰাং তেলৰ ঘাটি পাতি আহিছিল অসাধু চক্ৰই। অথচ নীৰৱ দৰ্শক হৈ আহিছিল আৰক্ষী প্ৰশাসন। অনাগত দিনত তেল চুৰি চক্ৰ, তেলৰ চোৰাং বেহা চলোৱাসকলক সম্পূৰ্ণ উৎখাত কৰিবলৈ আৰক্ষী সক্ষম হ’ব নে নহয় সেয়া লক্ষণীয় হ’ব।