newsnextone.com | নলবাৰীঃ পুখুৰীত কলৰ ভূৰত উঠিবলৈ গৈ বিজেপিৰ আইটি চেলৰ সৈতে জড়িত এগৰাকী ২৫ বছৰীয়া যুৱকৰ মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় নলবাৰী জিলাত৷  নলবাৰী জিলাৰ নলবাৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত টেৰেছিয়া গাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক লোহিত হালৈৰ পুত্ৰ তথা কেমিকেল ইঞ্জিনিয়াৰিং চূড়ান্ত বৰ্ষৰ ছাত্ৰ পাৰ্থ হালৈয়ে সমীপৰ বানেকুছিৰ নামৰ ঠাইত বন্ধুৰ ঘৰলৈ পাৰ্টি কৰিবলৈ যোৱাৰ পিছতেই এই অঘটন সংঘটিত হোৱা বুলি জানিব পৰা যায়৷ 

জানিব পৰা মতে, পাৰ্থ হালৈয়ে দেওবাৰে বানেকুছিত কেইজনমান বন্ধুৰ সৈতে এজন বন্ধুৰ ঘৰত পাৰ্টি কৰিবলৈ গৈছিল৷ বন্ধুজনৰ পুখুৰীত কলৰ ভূৰত উঠি আনন্দ উলাহ কৰিবলৈ ধৰোতেই পানীত ডুব যায় মৃত্যু হোৱা বুলি খবৰ প্ৰচাৰ হৈছে৷ কিন্তু এই প্ৰচাৰক বিশ্বাস কৰা নাই ৰাইজে৷ পুখুৰীত কলৰ ভূৰত ওখ-পাখ যুৱকৰ কেনেকৈ মৃত্যু হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন হৈছে৷ বন্ধুসকলে পাৰ্থক বচাবলৈ কিয় চেষ্টা নকৰিলে বুলি প্ৰশ্ন উত্থাপন হৈছে৷ 

একাংশ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে৷ ইমানে নহয় কোনো অচিনাক্ত লোকেহে পাৰ্থৰ মৃতদেহ হস্পিতাললৈ অনা বুলি জানিব পৰা যায়৷ নিশা ৯ মান বজাত পিছত কোনো লোকে মৃতদেহ নলবাৰী চহৰৰ বৰুৱা নাচিং হোমত থৈ যায়৷ বৰুৱা নাচিং হোম কৰ্তৃপক্ষই জ্ঞাত নহয় কোনে পাৰ্থক দেহ তাত থৈ যায়৷ আনহাতে পৰিয়ালৰ লোকেও এই মৃত্যুক সহজে লোৱা নাই৷ পৰিয়ালে ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰে৷ যিহেতু পাৰ্থ বিজেপিৰ সৈতে জৰিত আছিল আৰু নলবাৰী জিলাৰ আইটি চেল চাই আছিল সেই বাবেই এয়া ৰাজনৈতিক হত্যাকাণ্ডও হ’ব পাৰে বুলি চিন্তা জাহিৰ কৰে সচেতন লোকে৷
 
এগৰাকী মেধা মানৱ সম্পদৰ হঠাত এনেদৰে মৃত্যু হোৱা ঘটনাক সহজভাবে লব পৰা নাই জিলাবাসীয়ে৷ সুঠাম সুশ্ৰী যুৱকৰ পানীত পৰি মৃত্যু হোৱাৰ ঘটনাক অবাঞ্চিত খবৰ আখ্যা দিয়া হৈছে৷ তেওঁ নলবাৰী বিজেপি যুৱ মৰ্চাৰ আইটি চেলৰ আহ্বায়ক আছিল।