চৰাইদেউঃ চৰাইদেউ জিলাৰ পৰা প্ৰকাশিত একমাত্র পষেকীয় বাতৰি কাকত ‘চৰাইদেউ বাতৰি’ৰ সপ্তম প্ৰতিষ্ঠা দিৱস আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানতে ‘নিউজ লাইভ’ৰ বাৰ্তা সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় যুৱ সাংবাদিকতা বঁটা -২০১৭।
চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে অনুষ্ঠান উদ্বোধন কৰে। আদৰণি ভাষণ দিয়ে ড: চক্ৰপাণি পাটিৰে। দুপৰীয়া অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠান সঞ্চললনা কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি নৰেন ৰাজখোৱাই।