তিনিচুকীয়াঃ ২০০৬ চনৰ পুনৰাবৃত্তি ঘটিব নেকি তিনিচুকীয়া জিলাৰ কাকপথাৰত৷ অজিত মহন্ত কাণ্ডৰ স্মৃতি পাহৰিব নোৱাৰা কাকপথাৰত সম্প্ৰতি এনে প্ৰশ্নই উত্থাপন হ’ব কৰিব ধৰিছে৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত বৰ মাইথং গাঁৱৰ সুৰঞ্জিত কোৱঁৰ (ভাই) নামৰ যুৱকজনক শুকুৰবাৰৰ নিশা কেইজনমান অস্ত্ৰধাৰীয়ে শোৱাপাটীৰ পৰা উঠাই নিয়া ঘটনাৰ পিছৰে পৰা পুনৰ অস্ত্ৰৰ ঝনঝননি আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷
পিতা-পুত্ৰক গুলীয়াই হত্যা, ব্যৱসায়ীৰ পুত্ৰক অপহৰণ, মাইনিং কোম্পোনীত আক্ৰমণ, ৰাজ পথত ডাম্পাৰত অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হোৱা জিলা খনত পুনৰাই এনে ঘটনা সংঘটিত হোৱাত জীৱনআৰু সম্পত্তিৰ চিন্তাত পৰিছে জিলাবাসী৷ উল্লেখ্য যে দুখন চু’মত অহা অস্ত্ৰধাৰী দল এটাই সুৰঞ্জিতক হিন্দীতে কিবা বাৰ্তালাপ কৰি তেওঁলোকৰ লগত লৈ যায় যদিও পুৱালৈকে কোনো তেওঁক নিলে সেই কথা পোহৰলৈ অহা নাই৷