56
চতিয়াঃ সোমবাৰে নিশা চতিয়া আৰক্ষীৰ নিশাৰ তহলদাৰি দলে চতিয়াৰ মেটাৰা গাঁৱৰ সমীপৰ পথাৰত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে এজন যুৱকক৷ উদ্ধাৰ কৰি আৰক্ষীয়ে বিশ্বনাথ চাৰিআলিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ প্ৰাপ্ত তথ্য মতে যুৱক জন বিহালিৰ তেলেংগীয়া গাঁৱৰ ৰামচন্দ দাসৰ পুত্ৰ মনোজ দাস।
যুৱক জনে কিবা বিষাক্ত দ্ৰব্য খোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ যুৱক জনে নিজে খালে নে আনে খুৱাই পেলাই থৈ গৈছে তদন্তৰ পাছতহে পোহৰলৈ আহিব৷