73
ডিফুঃ শুকুৰবাৰে পুৱা কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ এজন যুৱকে ভাড়াঘৰত চীপ লৈ আত্মহত্যা কৰাৰ ঘটনাই চহৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰে৷
ডিফু ৰেল কল’নিৰ ২নং প্লেটফৰ্মৰ সমীপৰ সাহেদ আলীৰ পুত্ৰ ছাদিকুল ইছলামে (২০) নিশা প্ৰায় ১ বজাত ঘৰত প্ৰৱেশ কৰাৰ পিছত পুৱা যুৱকজনক নিজৰ কোঠাত গামোছাৰে চীপলৈ থকা প্ৰত্যক্ষ কৰে পৰিয়ালে৷ যুৱকজনে মিস্ত্ৰী হিচাপে কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিল৷